قُلْتُ لَمَّا غَابَ عَنِّي
মই ক’লো, যেতিয়া তেওঁ মোৰ পৰা আঁতৰি গৈছিল।
As
قُلْتُ لَمَّا غَابَ عَنِّي
نُورُ مَرَاكَ الْمَصُون
মই ক’লোঁ যেতিয়া তোমাৰ সেই সুৰক্ষিত সৌন্দৰ্যৰ জ্যোতি
মোৰ চকুৰ পৰা অন্তৰ্ধান হ’ল আৰু আঁতৰি গ’ল
شَفَّنِي وَاللَّهِ سُقْمٌ
فِيهِ قَدْ ذُقْتُ الْمَنُونَ
আল্লাৰ শপত, এক ব্যাধিয়ে মোক গ্ৰাস কৰিলে
য’ত মই স্বয়ং মৃত্যুৰ আস্বাদন কৰিলোঁ
وَعُيُونِي مِنْ نَحِيبٍ
جَارِيَاتٌ كَالْعُيُون
তীব্ৰ ক্ৰন্দনত মোৰ চকুহাল
বৈ থকা নিজৰাৰ দৰে প্ৰবাহিত হৈছে
وَجُفُونِي مَا كَفَاهَا
مَا جَرَى حَتَّى جَفُون
বৈ যোৱা চকুলোবোৰতো মোৰ চকুৰ পতা সন্তুষ্ট নহ’ল
যেতিয়ালৈকে সেইবোৰ নিজে শুকাই নগ’ল
هَامَ قَلْبِي زَادَ وَجْدِي
فَمَتَى وَصْلَكْ يَكُونُ
প্ৰেমত মোৰ হৃদয় ব্যাকুল হৈছে আৰু হেঁপাহ বাঢ়িছে
তেন্তে আমাৰ মিলন কেতিয়া হ’ব?
غَابَ عَنْ عَيْنِي ضِيَاهَا
يَا قَمَرَ دَارِي الْعُيُون
মোৰ দৃষ্টিৰ পৰা পোহৰ বিলীন হৈ গৈছে
হে সুন্দৰ চন্দ্ৰমা, এই নয়নক সান্ত্বনা দিয়া।