مَا مَعِي وَجَهْ قَابِل بِهْ سِوَى حُسُنْ ظَنِّي
তোমাক মুখামুখি হ’বলৈ তোমাৰ প্ৰতি মোৰ সু-বিশ্বাসৰ বাহিৰে মোৰ একো নাই।
As
مَا مَعِي وَجَهْ قَابِل بِهْ سِوَى حُسُنْ ظَنِّي
فِيكْ يَا رَبِّ فَارْحَمْنِي وَلَا تَمْتَحِنِّي
তোমাক সন্মুখীন হ'বলৈ তোমাৰ প্ৰতি থকা মোৰ শুভ আশাৰ বাহিৰে আন একো নাই
গতিকে হে মোৰ প্ৰভু, মোক দয়া কৰা আৰু মোক পৰীক্ষাত নেপেলাবা
تُبْتْ يَا رَبِّ فَاقْبَلْ تَوْبَتِي وَاعْفُ عَنِّي
وَامْحُ ذَنْبِي وَسَامِحْ كُلَّ تَقْصِيرْ مِنِّي
মই তওবা কৰিছোঁ হে মোৰ প্ৰভু, গতিকে মোৰ তওবা কবুল কৰা আৰু মোক মার্জনা কৰা
মোৰ পাপবোৰ মচি পেলোৱা আৰু মোৰ প্ৰতিটো ত্ৰুটি ক্ষমা কৰি দিয়া
خِفِتْ مِنْ عَاقِبَةْ أَمْرِي فَجُدْ لِي بِأَمْنِي
مَحِضْ فَضْلٍ وَإِحْسَانٍ وَجُودٍ وَمَنِّ
মই মোৰ শেষ পৰিণামৰ বাবে শংকিত, গতিকে কৃপা কৰি মোক নিৰাপত্তা দান কৰা
কেৱল তোমাৰ কৃপা, কৰুণা, উদাৰতা আৰু অনুগ্ৰহৰ দ্বাৰা
آه مِنْ عَثْرَتِي يَا رَبِّ مِنْهَا أَقِلْنِي
زَادْ ذَنْبِي وَمِنْ كُثْرِ الْخَطَا حَارْ ذِهْنِي
হায় মোৰ প্ৰভু, মোৰ পদস্খলনৰ পৰা মোক তুলি ধৰা
মোৰ পাপ বৃদ্ধি পালে আৰু অসংখ্য ভুলৰ বাবে মোৰ বুদ্ধি বিমোৰত পৰিছে
أَدْرِكْ أَدْرِكْ بِتَعْجِيلِ الْفَرَجْ وَانْتَقِدْنِي
وَاعْطِنِي عِلِمْ مِنْكَ يَا إِلَهِي لَدُنِّي
মোৰ সহায়লৈ আহা, মোক সহায় কৰা, সোনকালে সকাহ দিয়া আৰু মোক উদ্ধাৰ কৰা
আৰু হে মোৰ ইলাহী, মোক তোমাৰ পৰা প্ৰদত্ত জ্ঞান দান কৰা
يَنْجَلِي بِهْ عَنِ الْقَلْبِ الْصَّدِى كُلَّ رَيْنِ
ياَ سَمِيعَ الْدُّعَاءْ سَلْكَ اسْتَجِبْ وَاسْتَمِعْنِي
যি জ্ঞানেৰে হৃদয়ৰ পৰা সকলো মামৰ আৰু প্ৰতিটো আৱৰণ আঁতৰি যায়
হে প্ৰাৰ্থনা শুনোতা, মোৰ ডাকত সঁহাৰি দিয়া আৰু মোৰ মিনতি শুনা
مَا لِي إِلَّا أَنْتَ مُعْطِي
مَا لِي إِلَّا أَنْتَ مُغْنِي
মোক দান কৰিবলৈ তোমাৰ বাহিৰে মোৰ কোনো নাই
মোক সমৃদ্ধ কৰিবলৈ তোমাৰ বাহিৰে মোৰ কোনো নাই