صَفَتِ النَّظْرَهْ
স্বচ্ছ আছিল দৃষ্টি
As
صَفَتِ النَّظْرَهْ طَابَتِ الْحَضْرَةْ
جَاءَتِ الْبُشْرَى لِأَهْل اللهِ
দৃষ্টি স্বচ্ছ হ’ল, মিলন মধুৰ হ’ল
আল্লাহৰ লোকসকলৰ বাবে সুসংবাদ আহি পালে
قَامُوْا سُكَارَى لِذِي الْبِشَارَه
جَعْلَوْا عِمَارَهْ شُكْراً لِلّهِ
সুসংবাদ পাই তেওঁলোক মতলীয়াৰ দৰে থিয় হ’ল
আৰু কৃতজ্ঞতা স্বৰূপে আল্লাহৰ জিকিৰেৰে মজলিচ উপচাই দিলে
أَيُّهَا الْحَاضِرْ اُذْكُرْ وَذَاكِرْ
إِيَّاكَ تُنْكِرْ حَالَ أَهْلِ اللهِ
হে উপস্থিতসকল, স্মৰণ কৰা আৰু সোঁৱৰাই দিয়া
আল্লাহৰ অলি-সকলৰ অৱস্থাক কেতিয়াও অস্বীকাৰ নকৰিবা
فَسَلِّمْ لَهُمْ فِيمَا عَرَاهُمْ
وَاعْلَمْ أَنَّهُمْ غَابُوْا فِي اللهِ
তেওঁলোকৰ ওপৰত যি অৱস্থা বিৰাজ কৰে তাৰ ওচৰত সমৰ্পণ কৰা
আৰু জানি থোৱা যে তেওঁলোক আল্লাহৰ সত্তাত বিলীন হৈ গৈছে
فَالْوَجْدُ بِهِمْ دَاعِيْ يَدْعِيْهِمْ
يَطْرَأْ عَلَيْهِمْ فِيْ ذِكْرِ اللهِ
কিয়নো ভাবাবেশ হ’ল এক আহ্বানকাৰী যিয়ে তেওঁলোকক আমন্ত্ৰণ কৰে
যি আল্লাহৰ জিকিৰৰ সময়ত তেওঁলোকৰ ওপৰত অৱতীৰ্ণ হয়
وَمَنْ لَمْ يَجِدْ فَلْيَتَوَاجَدْ
قَصْداً يَتَعَرَّضْ لِفَضْلِ اللهِ
আৰু যিয়ে এই ভাবাবেশ বিচাৰি নাপায়, তেওঁ যেন ইয়াক লাভৰ চেষ্টা কৰে
আল্লাহৰ অনুগ্ৰহৰ সান্নিধ্য লাভৰ উদ্দেশ্যে
هَكَذَا قَالُوْا وَلِذَا مَالَوْا
وَلَقَدْ غَالُوْا فِي ذِكْرِ اللهِ
এইদৰেই তেওঁলোকে কৈছিল আৰু তাৰ বাবেই তেওঁলোক দুলি উঠিছিল
আৰু আল্লাহৰ জিকিৰত তেওঁলোক আত্মহাৰা হৈছিল
حَتَّى قَدْ ظَنَّا مَنْ لَيْسَ مِنَّا
أَنَّا جُنِنَّا بِذِكْرِاللهِ
আনকি যিসকল আমাৰ দলৰ নহয়, তেওঁলোকে ভাবিলে
যে আমি আল্লাহৰ জিকিৰত উন্মাদ হৈ পৰিছোঁ
هَنِيْئاً لَنَا ثُمَّ بُشْرَانَا
إِنْ كَانَ لَنَا حُمْقٌ فِي اللهِ
গতিকে আমি ধন্য আৰু আমাৰ বাবে সুসংবাদ
যদিহে আমাৰ এই "উন্মাদনা" আল্লাহৰ বাবেই হয়