يَاعُمْدَتِي ياعُدَّتِي
হে মোৰ অৱলম্বন, হে মোৰ সম্বল
As
يَاعُمْدَتِي ياعُدَّتِي
يامُنْقِذِي مِنْ شِدَّتِي
হে মোৰ আধাৰ, হে মোৰ সম্বল
হে মোৰ দুৰ্দশাৰ ত্ৰাণকৰ্তা
وَجَّهْتُ لَكَ وِجْهَتِي
عَجِّلْ بِغَوْثِي ياعَظِيمْ
মই আপোনাৰ ফালেই মোৰ লক্ষ্য স্থিৰ কৰিছোঁ
হে মহান, মোৰ সহায়ৰ বাবে ক্ষিপ্ৰতা কৰক
وَسَخِّرِ الْأَسْبَابَا
وَذَلِّلِ الْصِّعَابَا
আৰু উপায়সমূহক মোৰ বশীভূত কৰি দিয়ক
আৰু কঠিনতাবোৰক সুগম কৰি তোলক
وَافْتَحْ لَنَا الْأَبْوَابَا
بِالْنَّصْرِ مِنْكَ ياكَرِيمْ
আমাৰ বাবে সাফল্যৰ দুৱাৰসমূহ মুকলি কৰক
আপোনাৰ বিজয়ৰ দ্বাৰা, হে মহানুভৱ
وَرُدَّ كَيْدَ الْكَائِدِ
وَكُلَّ طَاغٍ مَارِدِ
চক্ৰান্তকাৰীৰ চক্ৰান্তক প্ৰতিহত কৰক
আৰু প্ৰতিজন বিদ্ৰোহী স্বৈৰাচাৰীক
وَحَاسِدٍ مُعَانِدِ
بِحَقِّ سِرْ (طسٓمٓ ۝ )
আৰু প্ৰতিজন জেদী ঈৰ্ষাপৰায়ণক
'ত্বা-ছীন-মীম'ৰ ৰহস্যৰ অসিলাৰে