يَا خَلِقَا الْأَكْوَانْ بِا لْلُّطْفِ عَامِلْنِي
হে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, মোক তোমাৰ কৰুণাৰে ব্যৱহাৰ কৰা।
As
يَا خَلِقَا الْأَكْوَانْ
بِا لْلُّطْفِ عَامِلْنِي
হে ব্ৰহ্মাণ্ডৰ স্ৰষ্টা,
মোৰ সৈতে আপোনাৰ কৰুণাময় ব্যৱহাৰ কৰক
مَا لِيْ عَمَلْ يُرْضِيْكْ
أَنْتَ الْغَنِيْ عَنِّي
মোৰ এনে কোনো কৰ্ম নাই যিয়ে আপোনাক সন্তুষ্ট কৰিব পাৰে,
আৰু আপুনি মোৰ পৰা সম্পূৰ্ণ অমুখাপেক্ষী
يَا وَاهِبَ الْإِحْسَانْ
تَقْوَاكَ أَلْهِمْنِي
হে কল্যাণৰ দাতা,
মোক আপোনাৰ তাক্বৱাৰে (ঈশ্বৰ-সচেতনতাৰে) অনুপ্ৰাণিত কৰক
قَدْ خَابَ الَّذِيْ يَعْصِيْكْ
سُبْحَانَكَ ارْحَمْنِي
যিয়ে আপোনাৰ অবাধ্য হয় সি নিশ্চয় বিফল হ’ল,
আপুনি পবিত্ৰ, মোৰ ওপৰত দয়া কৰক
يَا خَلِقَا الْأَكْوَانْ
بِا لْلُّطْفِ عَامِلْنِي
হে ব্ৰহ্মাণ্ডৰ স্ৰষ্টা,
মোৰ সৈতে আপোনাৰ কৰুণাময় ব্যৱহাৰ কৰক
مَا لِيْ عَمَلْ يُرْضِيْكْ
أَنْتَ الْغَنِيْ عَنِّي
মোৰ এনে কোনো কৰ্ম নাই যিয়ে আপোনাক সন্তুষ্ট কৰিব পাৰে,
আৰু আপুনি মোৰ পৰা সম্পূৰ্ণ অমুখাপেক্ষী
بِمَنْ حَوَى الأَنْوَارْ
وَالْفَضْلَ وَالأَسْرَارْ
যাৰ মাজত সকলো জ্যোতি নিহিত হৈ আছে,
আৰু সকলো মৰ্যাদা আৰু ৰহস্য
أَحْمَدْ ضِيَا الأَبْصَارْ
مَنْ مَدْحُهُ فَنِِّي
আহমদ আমাৰ চকুৰ জ্যোতি,
যাৰ গুণানুকীৰ্তনেই মোৰ জীৱনৰ শিল্প
يَا خَلِقَا الْأَكْوَانْ
بِا لْلُّطْفِ عَامِلْنِي
হে ব্ৰহ্মাণ্ডৰ স্ৰষ্টা,
মোৰ সৈতে আপোনাৰ কৰুণাময় ব্যৱহাৰ কৰক
مَا لِيْ عَمَلْ يُرْضِيْكْ
أَنْتَ الْغَنِيْ عَنِّي
মোৰ এনে কোনো কৰ্ম নাই যিয়ে আপোনাক সন্তুষ্ট কৰিব পাৰে,
আৰু আপুনি মোৰ পৰা সম্পূৰ্ণ অমুখাপেক্ষী
يَا رَبُّ يَا رَحْمَنُ
صَلِّ يَا ذَا المَنِّ
হে প্ৰভু, হে পৰম দয়ালু,
দৰূদ বৰ্ষণ কৰক হে মহান দাতা
عَالْرُّوحِ فِي الأَبْدَانْ
وَالْنُّورِ فِي العَيْنِ
দেহৰ ভিতৰৰ আত্মাৰ ওপৰত,
আৰু চকুৰ ভিতৰৰ জ্যোতিৰ ওপৰত
يَا خَلِقَا الْأَكْوَانْ
بِا لْلُّطْفِ عَامِلْنِي
হে ব্ৰহ্মাণ্ডৰ স্ৰষ্টা,
মোৰ সৈতে আপোনাৰ কৰুণাময় ব্যৱহাৰ কৰক
مَا لِيْ عَمَلْ يُرْضِيْكْ
أَنْتَ الْغَنِيْ عَنِّي
মোৰ এনে কোনো কৰ্ম নাই যিয়ে আপোনাক সন্তুষ্ট কৰিব পাৰে,
আৰু আপুনি মোৰ পৰা সম্পূৰ্ণ অমুখাপেক্ষী
مَا شَعْشَعَتْ أَنْوَارْ
مِنْ رَوْضَةِ الْمُخْتَارْ
যেতিয়ালৈকে জ্যোতি বিকিৰিত হৈ থাকিব,
মনোনীত জনৰ পবিত্ৰ উদ্যানৰ পৰা
وَغَرَّدَتْ أَطْيَارْ
تَشْدُو عَلَى الغُصْنِ
আৰু যেতিয়ালৈকে পক্ষীসমূহে গীত গাই থাকিব,
বৃক্ষৰ ডালত বহি সুমধুৰ সুৰত