عَطْفَةً يَا جِيرَةَ ٱلْعَلَمِ
এটি কৃপাদৃষ্টি, হে পবিত্ৰ ধামৰ চুবুৰীয়াসকল।
As
عَطْفَةً يَا جِيرَةَ ٱلْعَلَمِ
يَا أُهَيْلَ ٱلْجُودِ وَٱلْكَرَمِ
অলপ কৃপা দৃষ্টি দিয়ক, হে পবিত্র ধামৰ প্রতিবেশীসকল
হে দানশীলতা আৰু উদাৰতাৰ অধিকাৰীসকল
نَحْنُ جِيرَانٌ بِذَا ٱلْحَرَمِ
حَرَمِ ٱلْإِحْسَانِ وَٱلْحَسَنِ
আমি এই পবিত্ৰ হৰমৰ চুবুৰীয়া
যিটো হৰম শ্রেষ্ঠত্ব আৰু মঙ্গলৰ ধাম
نَحْنُ مِنْ قَوْمٍ بِهِ سَكَنُوا
وَبِهِ مِنْ خَوْفِهِمْ أَمِنُوا
আমি সেই লোকসকলৰ পৰা আহিছো যিয়ে ইয়াতে বাস কৰিছিল
আৰু ইয়াত নিজৰ ভয়ৰ পৰা নিৰাপত্তা লাভ কৰিছিল
وَبِآيَاتِ ٱلْقُرَانِ عُنُوا
فَٱتَّئِدْ فِينَا أَخَا ٱلْوَهَنِ
আমি সেই লোক যিয়ে কোৰআনৰ আয়তসমূহৰ প্ৰতি মনোনিবেশ কৰিছিল
গতিকে আমাৰ প্ৰতি নম্ৰ হোৱা, হে দুৰ্বল ভাই
نَعْرِفُ الْبَطْحَا وَتَعْرِفُنَا
وَالصَّفَا وَالْبَيْتُ يَأْلَفُنَا
আমি বাতহা উপত্যকাক জানো আৰু ই আমাক জানে
চাফা পাহাৰ আৰু পবিত্ৰ ঘৰটো আমাৰ সৈতে পৰিচিত
وَلَنَا الْمُعْلَا وَخَيْفُ مِنَى
فَاعْلَمَنْ هَذَا وَكُنْ وَكُنِ
আমাৰ বাবে মুআল্লা কবৰস্থান আৰু মিনাৰ খাইফ মছজিদ আছে
গতিকে এয়া নিশ্চিতভাৱে জানি থোৱা
وَلَنَا خَيْرُ الْأَنَامِ أَبُ
وَعَلِيُّ الْمُرْتَضَى حَسَبُ
আমাৰ বাবে সৃষ্টিজগতৰ শ্ৰেষ্ঠজন আমাৰ আদিপিতা
আৰু আলী আল-মুৰ্তাজা আমাৰ মহৎ বংশ পৰিচয়
وَإِلَى السِّبْطَيْنِ نَنْتَسِبُ
نَسَبًا مَا فِيهِ مِنْ دَخَنِ
আৰু দুই নাতিৰ সৈতে আমি আমাৰ বংশক সংযোগ কৰোঁ
এনে এটা বংশ য’ত কোনো কলঙ্ক নাই
كَمْ إِمَامٍ بَعْدَهُ خَلَفُوا
مِنْهُ سَادَاتٌ بِذَا عُرِفُوا
ইয়াৰ পৰা কিমান যে ইমাম বা নেতাৰ সৃষ্টি হৈছে
যিসকল এই বিশেষত্বৰ বাবে নেতা হিচাপে পৰিচিত
وَبِهَذَا الْوَصْفِ قَدْ وُصِفُوا
مِنْ قَدِيمِ الدَّهْرِ وَالزَّمَنِ
আৰু তেওঁলোকক এই গুণৰেই বৰ্ণনা কৰা হৈছে
অতীতৰ পৰা বৰ্তমানৰ সময়লৈকে
مِثْلِ زَيْنِ الْعَابِدِينَ عَلِي
وَابْنِهِ الْبَاقِرِ خَيْرِ وَلِي
যেনে আলী জাইনুল আবেদীন
আৰু তেওঁৰ পুত্ৰ আল-বাকীৰ, যি শ্ৰেষ্ঠ ওলী বা পবিত্ৰ আত্মা
وَالْإِمَامِ الصَّادِقِ الْحَفِلِ
وَعَلِيٍّ ذِي الْعُلَا الْيَقِنِ
আৰু প্ৰশংসনীয় গুণৰ অধিকাৰী ইমাম আছ-ছাদিক
আৰু আলী, যিজন আছিল দৃঢ় বিশ্বাসী
فَهُمُ الْقَوْمُ الَّذِينَ هُدُوْا
وَبِفَضْلِ اللهِ قَدْ سَعِدُوا
তেওঁলোকেই সেইসকল লোক যিয়ে সঠিক পথ লাভ কৰিছে
আৰু আল্লাহৰ অনুগ্ৰহত তেওঁলোকে সৌভাগ্য লাভ কৰিছে
وَلِغَيْرِ اللهِ مَا قَصَدُوا
وَمَعَ الْقُرْآنِ فِي قَرَنِ
তেওঁলোকে আল্লাহৰ বাহিৰে আন একো বিচৰা নাছিল
আৰু তেওঁলোক কোৰআনৰ সৈতে অবিচ্ছেদ্য হৈ ৰৈছিল
أَهْلُ بَيْتِ الْمُصْطَفَى الطُّهْرِ
هُمْ أَمَانُ الْأَرْضِ فَادَّكِرِ
নিৰ্বাচিত নবীৰ পবিত্ৰ আহলে বায়ত
তেওঁলোকেই পৃথিৱীৰ বাবে নিৰাপত্তা, এয়া স্মৰণ কৰিবা
شُبِّهُوا بِالْأَنْجُمِ الزُّهْرِ
مِثْلَ مَا قَدْ جَاءَ فِي السُّنَنِ
তেওঁলোকক উজ্জ্বল নক্ষত্ৰৰ সৈতে তুলনা কৰা হৈছে
যেনেকৈ নবীৰ পৰম্পৰাত উল্লেখ কৰা হৈছে
وسَفِنٌ لِلنَّجَاةِ إِذَا
خِفْتَ مِنْ طُوفَانِ كُلِّ أَذَى
তেওঁলোক হ’ল পৰিত্ৰাণৰ জাহাজ
যেতিয়া তুমি প্ৰতিটো ক্ষতিৰ প্লাৱনক ভয় কৰা
فَانْجُ فِيهَا لَا تَكُونُ كَذَا
وَاعْتَصِمْ بِاللهِ وَاسْتَعِنِ
ইয়াতে আশ্ৰয় লোৱা আৰু বিমুখ নহবা
আৰু আল্লাহক খামুচি ধৰা আৰু তেওঁৰ সহায় বিচাৰা
رَبِّ فَانْفَعْنَا بِبَرْكَتِهِمْ
وَاهْدِنَا الحُسْنَى بِحُرْمَتِهِمْ
হে মোৰ প্ৰভু, তেওঁলোকৰ বৰকতেৰে আমাক উপকৃত কৰক
আৰু তেওঁলোকৰ পবিত্ৰতাৰ বাবে আমাক ভাল পথ দেখুৱাওক
وَأَمِتْنَا فِي طَرِيقَتِهِمْ
وَمُعَافَاةٍ مِنَ الفِتَنِ
আৰু তেওঁলোকৰ পথতে আমাক মৃত্যু প্ৰদান কৰক
ফিতনা বা পৰীক্ষাসমূহৰ পৰা নিৰাপদে আৰু সুৰক্ষিতভাৱে
ثُمَّ لَا تَغْتَرَّ بِالنَّسَبِ
لَا وَلَا تَقْنَعْ بِــكَانَ أَبِي
তাৰপিছত তোমাৰ বংশৰ গৌৰৱত বিচলিত নহবা
কেৱল "মোৰ পিতা এনে আছিল" বুলি কৈ সন্তুষ্ট নাথাকিবা
وَاتَّبِعْ فِي الهَدْيِ خَيْرَ نَبِي
أَحْمَدَ الهَادِي إِلَى السُّنَنِ
বৰঞ্চ সঠিক পথ লাভৰ বাবে শ্ৰেষ্ঠ নবীৰ অনুসৰণ কৰা
আহমেদ, যিজনে সুন্নাহৰ দিশে আমাক আগুৱাই নিয়ে
فَهُوَ خَتْمٌ لِلنَّبِيِّينَا
وَإِمَامٌ لِلْمُطِيعِينَا
কাৰণ তেওঁ হ’ল নবীসকলৰ মোহৰ
আৰু তেওঁ সকলো অনুগত লোকৰ নেতা
وَلِساَنٌ لِلْمُجِيبِينَا
يَوْمَ نُودُوا خَيْرَ مُؤْتَمَنِ
তেওঁ সকলো বাধ্যবান বান্দাৰ কণ্ঠস্বৰ
আৰু বিচাৰৰ দিনা সহায় বিচাৰিবলৈ তেৱেঁই শ্ৰেষ্ঠ বিশ্বাসযোগ্য জন
صَلَوَاتُ اللهِ ذِي الكَرَمِ
تَتَغَشَّى المُصْطَفَى العَلَمِ
দানশীল আল্লাহৰ তৰফৰ পৰা চৰুদ বৰ্ষিত হওক
নিৰ্বাচিতজন আৰু হিদায়তৰ ধ্বজাৰ ওপৰত
مَا سَرَى رَكْبٌ إِلَى الحَرَمِ
وَصَبَا صَبٌّ إِلَى سَكَنِ
যেতিয়ালৈকে যাত্ৰীবাহী কাফেলাই হৰমলৈ ভ্ৰমণ কৰে
আৰু প্ৰেমিকসকলে তেওঁলোকৰ বাসস্থানৰ বাবে ব্যাকুল হয়
وَعَلَى آلِ النَّبِيِّ الكُرَمَا
وَعَلَى أَصْحَابِهِ العُلَمَا
আৰু একেদৰে নবীৰ মহান পৰিয়ালৰ ওপৰত
আৰু তেওঁৰ জ্ঞানী সঙ্গীসকলৰ ওপৰত
وَعَلَى أَتْبَاعِهِ الحُكَمَا
وَأُولِي الأَلْبَابِ وَالفِطَنِ
আৰু তেওঁৰ জ্ঞানী অনুগামীসকলৰ ওপৰত
যিসকল বুদ্ধিমান আৰু তীক্ষ্ণ ধাৰণাক্ষমতাৰ অধিকাৰী