قُلْ لِلَّذِي قَدْ لَامَنِي
Tell the one who has blamed me,
As
قُلْ لِلَّذِي قَدْ لَامَنِي
دَعْنِي وَشَأْنِي يَا عَذُولْ
যিয়ে মোক কৰে ভৰ্ৎসনা কোৱা তাকেই
অ' নিন্দুক, মোক মোৰ অৱস্থাতে এৰি দিয়া
لَوْ كُنْتَ تَدْرِي مَا جَرَى
مَا كُنْتَ تَنْهَى يَا جَهُولْ
তুমি যদি জানিলাহেঁতেন কি ঘটিছে
অ' অজ্ঞানী, তুমি বাধা নিদিলাহেঁতেন
أَمَا تَرَى جِسْمِيَ السَّقِيمَ
قَدْ شَفَّهُ دَاءُ النُّحُولْ
দেখা নাইনে তুমি মোৰ এই ৰুগ্ন দেহটো
যাক কৃশতাৰ ব্যাধিয়ে জৰ্জৰিত কৰিছে
قُلْ لِي بِمَنْ هَذَا الْعَنَا
وَذَا التَّصَابِي وَالذُّهُولْ
কোৱা মোক, কাৰ বাবে এই যাতনা
আৰু এই প্ৰেমৰ ব্যাকুলতা তথা বিভ্ৰান্তি
اللَّهُ حَسْبِي وَكَفَى
قُلْ مَا تَشَأْ يَا ذَا الْفُضُولْ
আল্লাহেই মোৰ বাবে যথেষ্ট আৰু পৰ্যাপ্ত
অ' অনধিকাৰ চৰ্চাকাৰী, কোৱা যি তুমি বিচাৰা
يَا سَاكِنِينَ سَرَائِرِي
عِنْدِي لَكُمْ صَفْوُ الْوِدَادْ
হে মোৰ অন্তৰৰ গোপন কোঠাৰ নিবাসীসকল
তোমালোকৰ বাবে মোৰ ওচৰত আছে নিৰ্মল প্ৰেম
مَلَّكْتُكُمْ يَا سَادَتِي
زِمَامَ أَمْرِي وَالْقِيَادْ
তোমালোকক মই অৰ্পণ কৰিছো হে মোৰ মণিভ
মোৰ সকলো কাৰ্যৰ বাঘজৰী আৰু নেতৃত্ব
لَا تُهْمِلُوا مَنْ قَدْ غَدَا
يَسْمُو بِكُمْ بَيْنَ الْعِبَادْ
অৱহেলা নকৰিবা সেইজন ব্যক্তিক যিজন
তোমালোকৰ উছিলাত বান্দাসকলৰ মাজত মহীয়ান হৈছে
وَاقِفٌ عَلَى الْبَابِ مُقِيمٌ
يَرْجُو السَّعَادَةَ وَالْقَبُولْ
দুৱাৰদলিত থিয় দি তেওঁ অপেক্ষা কৰিছে
চিৰসুখ আৰু গ্ৰহণযোগ্যতাৰ আশাত
اللَّهُ حَسْبِي وَكَفَى
قُلْ مَا تَشَأْ يَا ذَا الْفُضُولْ
আল্লাহেই মোৰ বাবে যথেষ্ট আৰু পৰ্যাপ্ত
অ' অনধিকাৰ চৰ্চাকাৰী, কোৱা যি তুমি বিচাৰা
هَبَّتْ نُسَيْمَاتُ الْوِصَالْ
مِنْ جَانِبِ الْقُدْسِ الْعَلِيّْ
মিলনৰ মধুৰ মলয়া বতাহ প্রবাহিত হ'ল
সেই পৰম পবিত্ৰ উচ্চস্থানৰ দিশৰ পৰা
وَاسْتَغْرَقَتْ أَنْوَارُهَا
عَوَالِمَ الْقَلْبِ الْخَلِيّْ
ইয়াৰ জ্যোতিসমূহে সম্পূৰ্ণৰূপে বুৰাই পেলালে
নিৰ্জন হৈ পৰা অন্তৰৰ জগতখনক
عَمَّا سِوَى مَعْبُودِهِ
الْوَاحِدِ الْحَقِّ الْوَلِيّْ
নিজৰ উপাস্যৰ বাহিৰে অন্য সকলোৰে পৰা
যিজন একক, সত্য আৰু পৰম বন্ধু
وَكُوشِفَتْ أَسْرَارُهُ
وَحَلَّ فِي بُرْجِ الْوُصُولْ
তেওঁৰ গোপন ৰহস্যবোৰ উন্মোচিত হ'ল
আৰু তেওঁ মিলনৰ উচ্চ শিখৰত থিতাপি ল'লে
اللَّهُ حَسْبِي وَكَفَى
قُلْ مَا تَشَأْ يَا ذَا الْفُضُولْ
আল্লাহেই মোৰ বাবে যথেষ্ট আৰু পৰ্যাপ্ত
অ' অনধিকাৰ চৰ্চাকাৰী, কোৱা যি তুমি বিচাৰা
بَاتَ الْمُحِبُّ مَعَ الْحَبِيبْ
وَالْعَاذِلُ الْغَافِلُ بَعِيدْ
প্ৰেমিকজনে প্ৰিয়তমৰ সৈতে নিশা কটালে
আৰু গাফিল নিন্দুকজন বহুত দূৰত ৰৈ গ'ল
لَمْ يَدْرِ مَا شَأْنُ الْهَوَى
بَيْنَ الْمَوَالِي وَالْعَبِيدْ
তেওঁ নাজানিলে প্ৰেমৰ মৰ্ম কি
মনিব আৰু দাসৰ মাজৰ যি মহান সম্পৰ্ক
يَا وَيْحَهُ مَاذَا عَلَيْهِ
لَوْ كَانَ يَعْرِفُ لِلسَّعِيدْ
হায়! তাৰ কি দুৰ্ভাগ্য! তাৰ কি হ'লহেঁতেন
যদিহে তেওঁ চিনি পালেহেঁতেন সেই সৌভাগ্যবানক
مَكَانَهُ مِنْ رَبِّهِ
وَاللَّهُ يَعْلَمُ مَا يَقُولْ
নিজৰ প্ৰভুৰ ওচৰত তেওঁৰ যি স্থান
আৰু আল্লাহেই ভালদৰে জানে তেওঁ কি কৈছে
اللَّهُ حَسْبِي وَكَفَى
قُلْ مَا تَشَأْ يَا ذَا الْفُضُولْ
আল্লাহেই মোৰ বাবে যথেষ্ট আৰু পৰ্যাপ্ত
অ' অনধিকাৰ চৰ্চাকাৰী, কোৱা যি তুমি বিচাৰা
مَاذَا يَقُولُ الْمُنْكِرُونَ
فِيمَنْ لَهُ قَلْبٌ سَلِيمْ
বিৰোধীসকলে বাৰু কি ক’ব পাৰে
সেইজনৰ বিষয়ে যাৰ এটা পবিত্ৰ অন্তৰ আছে
مُحِبٌّ لِجَمِيعِ الْمُسْلِمِينَ
وَقَصْدُهُ الْمَوْلَى الْكَرِيمْ
যিজন সকলো মুছলমানৰ প্ৰতি মৰমীয়াল
আৰু যাৰ লক্ষ্য হৈছে কেৱল মহিয়ান প্ৰভু
وَيَعْتَقِدْ فِي نَفْسِهِ
بِأَنَّهُ عَبْدٌ ذَمِيمْ
আৰু তেওঁ নিজৰ বিষয়ে এই বিশ্বাস ৰাখে
যে তেওঁ এজন অতি নগণ্য আৰু অধম দাস
لَوْلَا عِنَايَةُ رَبِّهِ
لَكَانَ بَطَّالاً ضَلُولْ
যদিহে তেওঁৰ প্ৰভুৰ বিশেষ কৰুণা নাথাকিলহেঁতেন
তেন্তে তেওঁ এজন অকামিলা আৰু পথভ্ৰষ্ট হ'লহেঁতেন
اللَّهُ حَسْبِي وَكَفَى
قُلْ مَا تَشَأْ يَا ذَا الْفُضُولْ
আল্লাহেই মোৰ বাবে যথেষ্ট আৰু পৰ্যাপ্ত
অ' অনধিকাৰ চৰ্চাকাৰী, কোৱা যি তুমি বিচাৰা