صَلَاةُ الْبَدْرِيَّة
চালাতুল বদৰীয়া
As
As
صَلَاةُ اللّٰه سَلَامُ اللّٰه
عَلَىٰ طٰهٰ رَسُولِ اللّٰه
আল্লাৰ ৰহমত আৰু আল্লাৰ শান্তি,
আল্লাৰ ৰছুল ত্বহাৰ ওপৰত বৰ্ষিত হওক
صَلَاةُ اللّٰه سَلَامُ الله
عَلَىٰ يٰسٓ حَبِيبِ الله
আল্লাৰ ৰহমত আৰু আল্লাৰ শান্তি,
আল্লাৰ প্ৰিয় য়া-চিনৰ ওপৰত বৰ্ষিত হওক
تَوَسَّلْنَا بِبِسْمِ الله
وَبِالْهَادِي رَسُولِ الله
আমি আল্লাৰ নামেৰে উছিলা লৈছোঁ,
আৰু পথপ্ৰদৰ্শক আল্লাৰ ৰছুলৰ জৰিয়তে
وَكُلِّ مُجَاهِدٍ لِلّٰه
بِأَهْلِ الْبَدْرِ يَا الله
আৰু আল্লাৰ পথত প্ৰচেষ্টা চলোৱা প্ৰতিজনৰ জৰিয়তে,
বদৰৰ লোকসকলৰ উছিলাৰে, হে আল্লাহ!
إِلَهِي سَلِّمِ الْأُمَّةْ
مِنَ الْآفَاتِ وَالنِّقْمَةْ
হে মোৰ ইলাহ! উম্মতক সুৰক্ষিত কৰক,
বিপদ-আপদ আৰু দুৰ্যোগৰ পৰা
وَمِنْ هَمٍّ وَمِنْ غُمَّةْ
بِأَهْلِ الْبَدْرِ يَا الله
আৰু দুশ্চিন্তা আৰু শোকৰ পৰা,
বদৰৰ লোকসকলৰ উছিলাৰে, হে আল্লাহ!
إِلَهِي نَجِّنَا وَاكْشِفْ
جَمِيعَ أَذِيَّةٍ وَاصْرِفْ
হে মোৰ ইলাহ! আমাক ৰক্ষা কৰক আৰু দুখ মোচন কৰক,
সকলো অনিষ্টক আঁতৰাই দিয়ক
مَكَائِدَ الْعِدَا وَالْطُفْ
بِأَهْلِ الْبَدْرِ يَا الله
শত্ৰুৰ চক্ৰবেহুসমূহৰ পৰা আপোনাৰ দয়াৰে ৰক্ষা কৰক,
বদৰৰ লোকসকলৰ উছিলাৰে, হে আল্লাহ!
إِلَهِي نَفِّسِ الْكُرَبَا
مِنَ الْعَاصِينَ وَالْعَطْبَا
হে মোৰ ইলাহ! আমাৰ কষ্টবোৰ লাঘৱ কৰক,
যিবোৰ অবাধ্য আৰু ধংসকাৰীসকলৰ পৰা আহে
وَكُلِّ بَلِيَّةٍ وَوَبَا
بِأَهْلِ الْبَدْرِ يَا الله
আৰু প্ৰতিটো বিপদ আৰু মহামাৰীৰ পৰা,
বদৰৰ লোকসকলৰ উছিলাৰে, হে আল্লাহ!
فَكَمْ مِنْ رَحْمَةٍ حَصَلَتْ
وَكَمْ مِنْ ذِلَّةٍ فَصَلَتْ
কিমান যে ৰহমত লাভ কৰা হৈছে,
আৰু কিমান যে লাঞ্ছনা দূৰ কৰা হৈছে
وَكَمْ مِنْ نِعْمَةٍ وَصَلَتْ
بِأَهْلِ الْبَدْرِ يَا الله
আৰু কিমান যে নিয়ামত প্ৰাপ্তি হৈছে,
বদৰৰ লোকসকলৰ উছিলাৰে, হে আল্লাহ!
وَكَمْ أَغْنَيْتَ ذَا الْعُمْرِ
وَكَمْ أَوْلَيْتَ ذَا الْفَقْرِ
আপুনি কিমান যে বৃদ্ধক ঐশ্বৰ্যশালী কৰিলে,
আৰু কিমান যে দৰিদ্ৰক সহায় কৰিলে
وَكَمْ عَافَيْتَ ذَا الْوِزْرِ
بِأَهْلِ الْبَدْرِ يَا الله
আৰু কিমান যে পাপীক আপুনি সুস্থ কৰিলে,
বদৰৰ লোকসকলৰ উছিলাৰে, হে আল্লাহ!
لَقَدْ ضَاقَتْ عَلَى الْقَلْبِ
جَمِيعَ الْاَرْضِ مَعَ رَحْبِ
প্ৰকৃততে গোটেই পৃথিৱীখন ইয়াৰ বিশালতা সত্ত্বেও,
আমাৰ হৃদয়ৰ বাবে সংকুচিত হৈ পৰিছে
فَانْجُ مِنَ الْبَلَا الصَّعْبِ
بِأَهْلِ الْبَدْرِ يَا الله
গতিকে আমাক এই কঠিন বিপদৰ পৰা ৰক্ষা কৰক,
বদৰৰ লোকসকলৰ উছিলাৰে, হে আল্লাহ!
أَتَيْنَا طَالِبِي الرِّفْقِ
وَجُلِّ الْخَيْرِ وَالسَّعْدِ
আমি আপোনাৰ ওচৰলৈ দয়া বিচাৰি আহিছোঁ,
আৰু অপৰিসীম কল্যাণ আৰু সৌভাগ্যৰ আশাত
فَوَسِّعْ مِنْحَةَ الْأَيْدِي
بِأَهْلِ الْبَدْرِ يَا الله
গতিকে আমাৰ বাবে আপোনাৰ দানৰ হাত প্ৰসাৰিত কৰক,
বদৰৰ লোকসকলৰ উছিলাৰে, হে আল্লাহ!
فَلَا تَرْدُدْ مَعَ الْخَيْبَةْ
بَلِ اجْعَلْنَا عَلَى الطَّيْبَةْ
গতিকে আমাক হতাশ কৰি ঘূৰাই নপঠাব,
বৰঞ্চ আমাক কল্যাণৰ পথত প্ৰতিষ্ঠিত কৰক
أَيَا ذَا الْعِزِّ وَالْهَيْبَةْ
بِأَهْلِ الْبَدْرِ يَا الله
হে সন্মান আৰু মহিমাৰ অধিকাৰী,
বদৰৰ লোকসকলৰ উছিলাৰে, হে আল্লাহ!
وَإِنْ تَرْدُدْ فَمَنْ نَأْتِي
بِنَيْلِ جَمِيعِ حَاجَاتِي
আৰু যদি আপুনি আমাক বিমুখ কৰে, তেন্তে আমি কাৰ ওচৰলৈ যাম,
আমাৰ সকলো প্ৰয়োজন পূৰণৰ বাবে
أَيَا جَالِي الْمُلِمَّاتِ
بِأَهْلِ الْبَدْرِ يَا الله
হে বিপদ-আপদ দূৰ কৰোঁতা,
বদৰৰ লোকসকলৰ উছিলাৰে, হে আল্লাহ!
إِلَهِي أَغْفِرْ وَأَكْرِمْنَا
بِنَيْلِ مَطَالِبٍ مِنَّا
হে মোৰ ইলাহ! আমাক ক্ষমা কৰক আৰু সন্মানিত কৰক,
আমাৰ মনোবাঞ্ছা পূৰণ কৰি
وَدَفْعِ مَسَاءَةٍ عَنَّا
بِأَهْلِ الْبَدْرِ يَا اَللّٰه
আৰু আমাৰ পৰা সকলো বেয়া দূৰ কৰক,
বদৰৰ লোকসকলৰ উছিলাৰে, হে আল্লাহ!
إِلَهِي أَنْتَ ذُو لُطْفٍ
وَ ذُو فَضْلٍ وَ ذُو عَطْفٍ
হে মোৰ ইলাহ! আপুনি অতি দয়ালু,
আৰু আপুনি অনুগ্ৰহ আৰু মমতাৰ অধিকাৰী
وَكَمْ مِنْ كُرْبَةٍ تَنْفِي
بِأَهْلِ الْبَدْرِ يَا اَللّٰه
আৰু আপুনি কিমান যে দুখ-কষ্ট দূৰ কৰিলে,
বদৰৰ লোকসকলৰ উছিলাৰে, হে আল্লাহ!
وَصَلِّ عَلَى النَّبِي الْبَرِّ
بِلَا عَدٍّ وَلَا حَصْرٍ
আৰু সেই ধাৰ্মিক নবীৰ ওপৰত দৰূদ বৰ্ষণ কৰক,
যাৰ কোনো সীমা আৰু সংখ্যা নাই
وَآلِ سَادَةٍ غُرٍّ
بِأَهْلِ الْبَدْرِ يَا اَللّٰه
আৰু তেওঁৰ মৰ্যাদাপূৰ্ণ বংশধৰসকলৰ ওপৰত,
বদৰৰ লোকসকলৰ উছিলাৰে, হে আল্লাহ!