اَلْهِجْرَةُ رِحْلَةُ هَادِيْنَا
হিজৰত আমাৰ পথপ্ৰদৰ্শকৰ যাত্ৰা
As
As
اَلْهِجْرَةُ رِحْلَةُ هَادِيْنَا
حَمَلَ الْإِسْلَامَ لَنَا دِيْنَا
হিজৰত আমাৰ পথপ্ৰদৰ্শকৰ যাত্ৰা
তেওঁ আমাৰ বাবে ধৰ্ম হিচাপে ইছলামক কঢ়িয়াই আনিলে
فَسَلَامُ اللّٰهِ عَلَی الْهَادِيْ
وَالْكَوْنُ يُرَدِّدُ آمِيْنَا
আল্লাৰ শান্তি বৰ্ষিত হওক আমাৰ পথপ্ৰদৰ্শকৰ ওপৰত
আৰু সমগ্ৰ সৃষ্টিজগতত প্ৰতিধ্বনিত হওক "আমীন"
رَحَلَ الْصِّدِّيقُ عَنِ الْدَّارِ
فِی صَحْبَةِ خَيْرِ الْأَبْرَارِ
ছিদ্দীকে নিজৰ গৃহ ত্যাগ কৰিলে
পুণ্যৱানসকলৰ শ্ৰেষ্ঠজনৰ পবিত্ৰ সংগত
صَلَوَاتُ اللّٓهِ تُبَارِکُهُ
مَلَأَ الْدُّنْيَا بِالْأَنْوَارِ
আল্লাৰ আশীৰ্বাদে তেওঁক ধন্য কৰক
তেওঁ পৃথিৱীখন নূৰৰ জ্যোতিৰে আলোকিত কৰিলে
اَللّٰهُ تَكَفَّلَ يَحْمِيْهِ
وَعَلِيٌّ أَصْبَحَ يَفْدِيْهِ
আল্লাই স্বয়ং তেওঁক সুৰক্ষা দিয়াৰ দায়িত্ব ল’লে
আৰু আলীয়ে নিজৰ জীৱন তেওঁৰ বাবে উৎসৰ্গা কৰিবলৈ সাজু হ’ল
وَبِسِرِّ الْقَوْمِ الْأَشْرَارِ
بِنْتُ الْصِّدِّيْقِ تُوَافِيْهِ
দুষ্ট লোকসকলৰ গোপন খবৰ লৈ
ছিদ্দীকৰ কন্যাই তেওঁক সাক্ষাৎ কৰিছিল
وَصَلَ الْمُخْتَارُ إِلَی طَيْبَةْ
وَ الْكُفْرُ تَرَاجَع فِی خَيْبَةْ
মনোনীতজন গৈ তায়বাত উপনীত হ’ল
আৰু কুফৰ বা অবিশ্বাস হতাশ হৈ পিছুৱাই গ’ল
وَ جُنُوْدُ اللّٰهِ تُحِيْطُ بِهِ
مِنْ نُوْرِ الْاِسْلَامِ الْهَيْبَة
আল্লাৰ বাহিনীয়ে তেওঁক বেৰি ধৰিছে
ইছলামৰ জ্যোতিৰ প্ৰতাপ আৰু গাম্ভীৰ্যৰে
بِالْرُّوْحِ سَنَحْمِی الْمُخْتَارا
وَ نُقَاتِلْ عَنْهُ الْكُفَّارا
আমি আমাৰ আত্মাৰে মনোনীতজনক সুৰক্ষা দিম
আৰু তেওঁৰ হৈ সত্য অস্বীকাৰকাৰীসকলৰ বিৰুদ্ধে যুঁজ দিম
عَهْدًا لِلّٰـهِ نُبَايِعُهُ
جُنْدًا لِلّٰـهِ وَ اَنْصَارا
আল্লাৰ প্ৰতি এয়া আমাৰ অংগীকাৰ, আমি শপত লৈছোঁ
আল্লাৰ সৈন্য আৰু নিষ্ঠাবান সহায়কাৰী হিচাপে।