هَذَا الْمَقَامُ الَّذِي لَاذَتْ بِهِ الْأُمَمُ
এই সেই স্থান য’ত জাতিসমূহে আশ্ৰয় লৈছে।
As
هَذَا الْمَقَامُ الَّذِي لَاذَتْ بِهِ الْأُمَمُ
وَأَذْعَنَتْ لِعُلَاهُ الْعُرْبُ وَالْعَجَمُ
এয়া সেই মকাম য’ত সমগ্ৰ জাতিসমূহে আশ্ৰয় লয়
আৰু যাৰ শ্ৰেষ্ঠত্বৰ ওচৰত আৰব আৰু অনাৰব সকলোৱে নতি স্বীকাৰ কৰে
هَذَا مَقَامُ رَسُولِ اللَّهْ أَكْرَمُ مَنْ
جَاءَتْهُ مِنْ رَبِّهِ الْأَحْكَامُ وَالْحِكَمُ
এয়া আল্লাৰ ৰাছুলৰ মকাম যিজন সৃষ্টিৰ শ্ৰেষ্ঠ মানৱ
যাৰ ওচৰত তেওঁৰ প্ৰভুৰ পৰা বিধান আৰু প্ৰজ্ঞা আহিছিল
هَذَا مُحَمَّدُ الْهَادِي الَّذِي مُحِيَتْ
عَنَّا بِنُورِ هُدَاهُ الْظُّلْمُ وَ الْظُّلَمُ
এয়া পথপ্ৰদৰ্শক মুহাম্মাদ (ছাঃ), যাৰ হেদায়াতৰ নূৰৰ দ্বাৰা
আমাৰ মাজৰ পৰা সকলো অন্যায় আৰু অন্ধকাৰ দূৰীভূত হৈছিল
هَذَا الَّذِي قَدْ سَمَا فَوْقَ الْسَّمَا
إِلَى مَقَامِ عِزٍّ تَنَاهَتْ دُونَهُ الْأُمَمُ
এওঁ সেইজন যি আকাশৰো উৰ্ধ্বলৈ আৰোহণ কৰিছিল
এক গৌৰৱময় মকামলৈ য’ত অন্য কোনো জাতি উপনীত হ’ব পৰা নাই
يَا سَيِّدِي يَا رَسُولَ اللَّهْ يَا أَمَلِي
يَا مَنْ أَلُوذُ بِهِ إِنْ زَلَّتِ الْقَدَمُ
হে মোৰ চৰ্দাৰ, হে আল্লাৰ ৰাছুল, হে মোৰ আশাৰ কেন্দ্ৰবিন্দু
যাৰ চৰণত মই আশ্ৰয় লওঁ যদিহে কেতিয়াবা মোৰ ভৰি পিছল খাই যায়
بِكَ اهْتَدَيْتُ إِلَى الْإِيمَانِ فَاتَّصَلَتْ
بِذَاكَ عِنْدِي مِنْ أَفْضَالِكَ الْنِّعَمُ
আপোনাৰ জৰিয়তেই মই ঈমানৰ পথ বিচাৰি পালোঁ
আৰু তাৰ দ্বাৰাই মই আপোনাৰ অগণন নিয়ামত আৰু অনুগ্ৰহ লাভ কৰিলোঁ
صَلَّى عَلَيْكَ إِلَهُ الْخَلْقِ مَا سَجَعَتْ
وَرْقٌ وَمَا هَطَلَتْ مِنْ سُحْبِهَا دِيَمُ
সৃষ্টিৰ পালনকৰ্তাই আপোনাৰ ওপৰত দৰুদ বৰ্ষণ কৰক যেতিয়ালৈকে
কপোতসমূহে গীত গাব আৰু ডাৱৰৰ পৰা ধাৰাসাৰ বৰষুণ বৰষিব