وَاصَلُونِي بَعْدَ بُعْدِي
মোৰ দূৰত্বৰ পাছত তেওঁলোকে মোক মিলন দান কৰিলে।
As
As
وَاصَلُونِي بَعْدَ بُعْدِي
وَرَعُوا سَالِفَ عَهْدِي
মোৰ বিৰহৰ অন্ত পেলাই তেওঁলোকে মিলনৰ সংযোগ দিলে
আৰু মোৰ অতীতৰ প্ৰতিশ্ৰুতিক ৰক্ষা কৰিলে
وَعلَى رَغْمِ الْحَسُودِ
أَنْجَزُوا بِالْوَصْلِ وَعْدِي
ঈৰ্ষাপৰায়ণসকলৰ অনিচ্ছা স্বত্বেও
তেওঁলোকে মিলনৰ জৰিয়তে মোৰ প্ৰতিশ্ৰুতি পূৰণ কৰিলে
يَا سُرُورْي بالَّتدَاني
يَا هَنَا حَظِّي وَسَعْدِي
হে মোৰ এই নৈকট্যৰ আনন্দ!
হে মোৰ ভাগ্য আৰু সৌভাগ্যৰ পৰমানন্দ!
جَادَ لِي بَدْرِي بِوَصْلِ
يا هَنَائِي نِلْتُ قَصْدِي
মোৰ পূৰ্ণচন্দ্ৰই মোৰ প্ৰতি মিলনৰ উদাৰতা যাচিলে
হে মোৰ সুখ, মই মোৰ লক্ষ্যত উপনীত হ'লোঁ
فَاجْتَمِعْ يَا مَاءَ عَيْني
وانْطَفِي يَا نَارَ وَجْدِي
গতিকে হে মোৰ চকুৰ পানী (আনন্দত) একগোট হোৱা
আৰু হে মোৰ হেঁপাহৰ জুই, নিৰ্বাপিত হোৱা
أَنَا فِي لَيْلَةِ أُنْسِي
قَدْ صَفَا مَوْرِدُ وِرْدِي
কাৰণ মই এতিয়া মোৰ সান্নিধ্যৰ নিশাৰ মাজত আছোঁ
আৰু মোৰ আধ্যাত্মিক নিজৰাৰ উৎসটো নিৰ্মল হৈ পৰিছে
وَتَناولْتُ كُؤُوسي
بَين رَيْحَانٍ وَوَرْدِ
মই মোৰ প্ৰেমৰ পাত্ৰসমূহ গ্ৰহণ কৰিছোঁ
তুলসী আৰু গোলাপৰ সুগন্ধিৰ মাজত
مِنْ يَدَيْ حُلْوِ الْتثَنيِّ
فَاتِنٍ أَهْيَفِ قَدِّ
এগৰাকী লাৱণ্যময়ী গতিৰ গৰাকীৰ হাতৰ পৰা
যি আকৰ্ষণীয় আৰু যাৰ দেহ সুঠাম আৰু লাহী
تَارَةً يُنْشِدُ خُذْ كَاسِي
وَطَوْراً هَاكَ خَدِّي
কেতিয়াবা তেওঁ গায়, "মোৰ পাত্ৰটো গ্ৰহণ কৰা"
আৰু কেতিয়াবা কয়, "এইয়া মোৰ গাল"
إِنْ أَقُلْ يَا أَلْفَ مَوْلَى
قَالَ لِي يَا أَلْفَ عَبْدِي
যদি মই কওঁ, "হে হাজাৰবাৰৰ প্ৰভু"
তেওঁ উত্তৰ দিয়ে, "হে হাজাৰবাৰৰ দাস"
أَوْ سَقَى الْمَمْزُوجَ غَيْرِي
خَصَّنِي بالْصِّرْفِ وَحْدِي
যদি তেওঁ আনক মিশ্ৰিত পানীয় যাচে
তেওঁ মোক কেৱল বিশুদ্ধ সুধাৰ বাবে নিৰ্বাচন কৰে
في هَوَاهُ دَعْ مَلاَمِي
وَاطْرِحْ غَييِّ وَرُشْدِي
তেওঁৰ প্ৰেমত পৰি তোমাৰ ভৰ্ৎসনা ত্যাগ কৰা
আৰু মোৰ ভুল বা শুদ্ধৰ ধাৰণা দলিয়াই দিয়া
نَارُ وَجْدِي في هَوَاهُ
كَنَعِيمِ الْخُلدِ عِنْدِي
কাৰণ তেওঁৰ প্ৰেমত মোৰ আবেগৰ যি জুই
সেয়া মোৰ বাবে স্বৰ্গৰ চিৰন্তন সুখৰ দৰে