لِغَيْرِ جَمَالِكُمْ نَظَرِي حَرَامُ
তোমাৰ সৌন্দৰ্যৰ বাহিৰে মোৰ দৃষ্টি হাৰাম।
As
لِغَيْرِ جَمَالِكُمْ نَظَرِي حَرَامُ
وَغَيْرُ كَلَامُكُمْ عِنْدِي كِلَامُ
তোমালোকৰ সৌন্দৰ্যৰ বাহিৰে অন্য দৰ্শন কৰাটো মোৰ বাবে নিষিদ্ধ
আৰু তোমালোকৰ বাণীৰ বাহিৰে অন্য কোনো কথা মোৰ বাবে কথা নহয়
وَعُمْرُ الْنَّسْرِ مِنْكُمْ بَعْضُ يَوْمٍ
وَسَاعَةُ غَيْرِكُمْ عَامٌ فَعَامُ
তোমালোকৰ সান্নিধ্যত ঈগলৰ দীৰ্ঘ আয়ুস যেন দিনটোৰ এটা অংশহে
আৰু আনৰ লগত কটোৱা এটা মূহূৰ্তও যেন বছৰৰ পিছত বছৰ
وَصَبْرِي عَنْكُمُ شَيْءٌ مُحَالٌ
وَمَا لِي قَاتِلٌ إِلَّا الْفِطَامُ
তোমালোকৰ অবিহনে ধৈৰ্য ধৰাটো মোৰ বাবে অসম্ভৱ
আৰু বিচ্ছেদৰ যন্ত্ৰণাৰ বাহিৰে মোৰ আন কোনো হত্যাকাৰী নাই
إِذَا عَايَنْتُكُمْ زَالَتْ هُمُومِيْ
وَإِنْ غِبْتُمْ دَنَا مِنِّيْ الْحِمَامُ
যেতিয়াই মই তোমালোকক প্ৰত্যক্ষ কৰোঁ, মোৰ সকলো দুশ্চিন্তা দূৰ হয়
আৰু যদি তোমালোক আঁতৰি যোৱা, মৃত্যু মোৰ কাষ চাপি আহে
أَوَدُّ بِأَنْ أَكُونَ لَكُمْ جَلِيسًا
وَتُنْصَبَ لِي بِرَبْعِكُمُ خِيَامُ
মোৰ বাঞ্ছা এয়াই যে মই সদায় তোমালোকৰ সংগী হৈ থাকোঁ
আৰু তোমালোকৰ প্ৰাংগণতে মোৰ বাবে তম্বু তৰা হওক
فَدَاوُوا بِالْوِصَالِ مَرِيضَ هَجْرٍ
يَهِيمُ بِكُمْ إِذَا سَجَعَ الْحَمَامُ
বিচ্ছেদৰ এই ৰোগীক মিলনৰ দ্বাৰা নিৰাময় কৰা
পাৰ চৰাইৰ কুজনত যি কেৱল তোমালোকৰ প্ৰেমতেই ব্যাকুল হৈ থাকে
حَدِيثُ غَرَامِهِ فِيكُمْ قَدِيمٌ
وَمَلْبَسُهُ مِنَ الْحُبِّ الْسِّقَامُ
তোমালোকৰ প্ৰতি থকা তেওঁৰ অনুৰাগৰ কাহিনী অতি প্ৰাচীন
আৰু প্ৰেমৰ ফলত হোৱা এই অসুস্থতাই তেওঁৰ আৱৰণ
فَأَنْتُمْ فِي الْأُصُولِ أَجَلُّ أَصْلٍ
إِذَا شِئْتُمْ تَحَصَّلَ لِي الْمَرَامُ
সকলো মূলৰ মাজত তোমালোকেই সৰ্বশ্ৰেষ্ঠ মূল
তোমালোকে বিচাৰিলেই মোৰ জীৱনৰ লক্ষ্য পূৰণ হয়
بِكُمْ صَعْبُ الْأُمُورِ يَعُودُ سَهْلًا
فَبِالْإِحْسَانِ جُودُوا يَا كِرَامُ
তোমালোকৰ জৰিয়তে কঠিন কামবোৰো সহজ হৈ পৰে
গতিকে হে উদাৰসকল, নিজৰ কৰুণাৰে মোক ধন্য কৰা
وَلَيْسَ سِوَاكُمُ لِلْجُودِ أَهْلًا
فَكَيْفَ نَزِيلُ سُوحِكُمُ يُضَامُ
তোমালোকৰ বাহিৰে দানশীলতাৰ যোগ্য অধিকাৰী আন কোনো নাই
গতিকে তোমালোকৰ আশ্ৰয়ত থকা অতিথি কেনেকৈ বঞ্চিত হ’ব পাৰে?